Friday, March 1, 2024

এজাৰ : ২০২০

এজাৰ বিচাৰি হাবাথুৰি খোৱা মানুহবোৰে জানে

বেঙুনীয়াবোৰ ফুল নহয়!

 

তহিলঙ কৰাবোৰৰ হাততে

এতিয়া সেউজ পতাকা

 

ভৰিৰ তলুৱাত বুট জোতা গজা

সেইজনেই ৰজা

মুখ বুলি মেলি দিয়ে

বঙহৰ তেজ লগা জিভা

 

কোনে কয়: গঙ্গাত উটিছে মৰাশ

 

আজিকালিটো মানুহ নমৰে

জীৱনেই উশাহ থকা শৱ

 

কেতিয়াবা ফটো উঠোতে

এজাৰৰ ডিঙিটো ক'ত আছে শুধিবা

 

ওহো ফুল নহয়!

হেজাৰ বিজাৰ বেঙুনীয়া ঘা।