Monday, September 5, 2016

শালমৰা 


Image Source: Internet

নাম শালমৰা
মাজুলীৰ বুকুৰে এচপৰা
ইয়াত উকিয়ালে
নৈৰ পানী বোৰে শুনিপোৱা।

কথাতে কয়, বোলে-
শালমৰাৰ টেকেলী, জেংৰাইমুখৰ আপ ং
জপনা মুখ নৌ পাওতেই ঢলং ঢপ ং ।

এফালে গাঁও ফুলনি
আনফালে পানী আৰু পানী
পানীততো নগজে ধান 
শালমৰাৰ মানুহৰ বাবে আকালেই ভৰাল।

ধন ধান নাই
আছে আলতীয়া মাটি 
তাৰেই শালমৰাৰ মানুহে বনাই 
কলহ-টেকেলী।

ফাগুন মহীয়া ৰাতি
শালমৰা  এৰি গুছি যায় মুহিৰামৰ নাও
এহেজাৰ এশটা টেকেলী বান্ধি, বনিজ বেহাবলৈ
লক্ষীমপুৰ, তেজপুৰ, পাছিঘাট, ডিব্রুগড়

নাৱে বোলে টুলু ং ভুটু ং 
ব'ঠাই বোলে বাও
মুহিৰামৰ এটাই চিন্তা-
ঘুৰি আহি বা গাঁওখন ইয়াত পাওনে- নেপাও।

যোৱাবাৰ শাওনত
নামঘৰটো পানীত গ'ল, কুৰিঘৰ মান উচন হ'ল
বৰবাটটো একেবাৰে দুফাল হ'ল।
Image Source: Internet

বৰবাট দুফাল হ'ল
শালমৰা দুখন হ'ল
সৰু শালমৰা- বৰ শালমৰা
সৰু শালমৰাত নতুন নামঘৰ হ'ল
বৰ শালমৰাতো এটা হ'ল

এটা বোলে কংগ্রেছৰ
আনটো বি জে পি ৰ

জানো পাই!
এইবোৰ ভাবিলে মুহিৰামৰ কিবা মুৰটোহে ঘূৰাই।

ভাল নেলাগে পায়!
বান অহাৰ আগেয়ে
মানুহবোৰে নিজৰ মাজতে লাগি  যেতিয়া আলি এটা চিঙে।

এইয়া...লক্ষীমপুৰ আহি পাও পাও
মুহি ৰামৰ এটাই চিন্তা
ঘুৰি আহি বা দুখন শালমৰা দেখা পাও নে নেপাও।


বি দ্র ঃ শালমৰা মাজুলী নদী-দ্বীপৰ অন্তর্গতঃ এটুকুৰা অঞ্চল। বানৰ সংহাৰৰ পৰা মুক্ত নহয় যদিও ইয়াৰ শিল্পী সকলে  অভাৱ আৰু নাটনিৰ মাজতে নিয়মিত ভাবে শিল্পকর্ম কৰি আহিছে। এই অঞ্চলৰ মাটিৰ কলহ- টেকেলী অসমজুৰি বিখ্যাত।

ৰচনাঃ দেৱজিত বৰা
কালঃ ২০১৫