Saturday, May 30, 2020

A Rockstar from the Village

I remember watching Village Rockstars in the chock-a-block India Habitat Centre auditorium after waiting two hours in a queue to get my entry pass. I had been a regular viewer this festival for last three years and this was first time I saw mainstream Delhi movie-goers cried for an entry pass, that too for an Assamese film. The corwded Habitate centre’s Stein auditorium had limited number of seats but had to accommodate hungry audience even on the floor. Many of them had gone back with an emotional state of mind. Let me tell you the India habitat center standing right in the midst of Delhi and a strong hold of elite affairs. That way it is very interesting as well as contrasting, since the film reflects the extreme marginality of seemingly unknown rural snapshots in the elite locus. Seating in the front row, I was thinking how do Assamese village people connect to the idea of ‘Rockstar’? The simple definition of Rockstar is ‘a famous, successful and celebrated singer of rock music’. But what we see in this movie is entirely a different notion of ‘Rockstar’. Rima’s rockstar is a dreamer, fighter, struggler in a patriarchal society and amidst poverty. 
‘Dhunu’ the village rockstar, dreams one day she will became a successful singer and guitar player. Since her single mom can’t afford the expense of a guitar, she along with her male friends prepares a toy guitar with thermocol, which looks like a guitar but don't have strings and hence no music. But the music was very much there, the strings were inside their hearts and hence they could enjoy the music of rain, wind and pain. Dhunu always likes to be with her male friends, she even climbs the tree and her mother encourage her to do so. With a very seamless and controlled touch of feminism Rima built the character of Dhunu playing in the watery paddy fields, witnessing the flood and remembering her father’s death in the last years’ flood. These are so relatable to the people of Assam, grown up in a village. The presentation of Dhunu’s ‘Tuloni Biya’ is so authentic and unique, specially when her male friends come and talk to her in a bit hesitation. Besides the scene when they come back from the school in a rainy day shouting slogans against flood covering their heads by a leaf, is just resonates what can be a rural life in lower Assam. Dhunu’s bonding with her pet goat is an emotional one and one day, when the goat didn't come back to home, she couldn't get over it easily. Dhunu’s mother as I said is supportive of her and defends her child when she is doing right. Her mother once even bargained for a new guitar in the nearby market, although couldn't mange to buy. The thermocol guitar is like a character to the film, representing the entire ethos of the ‘village rockstar’. In the building of the story, nature of the village plays a pertinent role in the narrative. The rain, wind and sudden rise to the flood are not simply a graphics or production gimmick. These were always around us and Rima able to compose a sublime narrative through her natural visualization. I realized, this is after so long, I have seen a authentic village in an Assamese movie. I remember seeing villages in Hagoroloi Bohu Dur, Halodhiya Choraiye bau dhan khay, Haladhar and now in amongst the rockstars of the Chaygaon village. The entire music of the film has been weaved in guitar sound, which was entirely grotesque. The non-grammatical sound of the guitar strings every time make you realize that the rockstars are waiting for their dream guitar.     
The location, where the film based on is the Lower Assam. I often see, in Assamese popular culture Lower Assam’s language tone has always been used arouse comedy and humor. That has become a form of generalizations. But Village Rockstar is an exception. Keeping the authenticity of the language, it expresses dialogues in their local tone the way they want to say, without any overripe layers. From language and cultural locus aspect, I see this film is a resistance in front of Upper-Assam dominated Assamese film industry. I don't really recall a good number of films based on Lower Assam. Although this is not only in cinema but the whole cultural scenario is being dominated by Upper-Assam sensibilities and there is a longer history behind it. Let’s not get into cultural politics the debate. But the point, I want raise here is that this is so important to discuss cultural expressions in terms of ‘region’ and ‘cultural locus’. We need to question the one directional representation of culture. If every regions in Assam can be explored in a systematic way, thousand stories will come up to the screen. The way Gautam Bora’s ‘Woshobippo’ incorporated the Karbi region a bit many years ago. But Rima showed us a path in an age when film making believed to be technology driven and less of authentic thinking. By this, I don't mean to be critical about popular entertainment films. But this corporate industry should equally accommodative to the independent films as well.  

Rima Das, the director teamed up with her relatives to make a film with her Canon 5D camera and a boom on it. And it is for a full length film. All of them were not trained actors, there was no production crew to offer tea and delicious food. How challenging it would be? This will definitely inspire thousands who are ready with their original ideas but don't have a proper budget ready. Rima add something fresh to the Assamese film which has seemingly longer history of rise and fall as an industry. Awards apart, Rima just broke the patriarchal barriers of film making, and yes, villagers would say she is a ‘Rockstar’.
- Debajit 

অথঃ ওজাপালি বিতর্ক আৰু সাংস্কৃতিক প্রশ্ন

দেৱজিত বৰা 

সংস্কৃতিক সচেতনাৰ দিশৰ পৰা অসমীয়া জাতি কোনোগুণেই কম নহয়। অৱশ্যে আমাৰ অধিকাংশৰেই সাংস্কৃতিক চেতনা মধ্যবিত্ত জাতীয়তাবাদী ৰোমান্টিক ধাৰণাৰ মাজত থাকি জেওৰা জপনা আঁৰি এক কমফর্টেবল স্থানৰ পৰাই প্ৰক্ষেপ কৰা হয়। তাতে ছচিয়েল মিডিয়াৰ সুদূৰপ্ৰসাৰী বৃস্তিতিৰ পিছত এতিয়া এনেধৰণৰ সাংস্কৃতিক সচেতনা বেছিকৈয়ে দেখা পোৱা যায়।  কথাখিনি মনলৈ আহিছে অলপতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ বিতৰ্কৰ সৃষ্টি কৰা এটা ওজাপালি পৰিবেশনৰ ভিডিওক লৈ। দক্ষিণ কামৰূপৰ কোনোবা এক অঞ্চলত পৰিবেশন কৰা এই ওজাপালি পৰিবেশনত এটা জনপ্রিয় আধুনিক অসমীয়া গীতৰ কথাংশ ওজাপালি ভংগীমাৰে পৰিবেশন কৰিলে। তাতে জগৰ লাগিল। কথা মাত্র চচিয়েল মিডিয়াতেই ৰৈ নাথাকিল। কেইবাটাও জনপ্রিয় বৈদ্যুতিন মাধ্যমৰ বাতৰি চেনেল! তথা তেওঁলোকৰ অনলাইন প্লেটফৰ্মত এই শিৰোনামেৰে প্ৰচাৰ কৰা ' যে, এইয়া ওজাপালি পৰিবেশনৰ নামত বিকৃতি, এইয়া ওজাপালিৰ প্রকৃত ৰূপ নহয়। কিন্তু কথা ' ওজাপালিৰ প্রকৃত ৰূপটোনো কি? এই বিতৰ্কৰ নামত চচিয়েল মিডিয়াত যি ধৰণৰ কথা বতৰা চলি আছে, তাত এটা কথাই স্বতঃস্ফূত ভাৱে প্রতিফলিত হয় যে আমি এই লোকশিল্প বিধৰ বিষয়ে বিশেষ কথা নাজানো। সেয়েহে এই সুযোগক দুইহাতে গ্রহণ কৰি আমিও এই আপাহতে আৰু অলপ প্রশ্ন ৰাইজলৈ এৰি দিও বুলি এই লেখা প্রস্তুত কৰিলো। 

আৰম্ভণিৰে পৰা চাবলৈ 'লে ওজাপালি নামৰ এই পৰিবেশ্য কলা বিধৰ জন্মই হৈছিল ধর্মীয় অনুষ্ঠানত আনন্দ প্ৰদানৰ বাবে। ভৰতমুনিৰ নাট্যশাস্ত্রত উল্লেখিত অতি পুৰণি অভিনয় ধাৰাৰ যি উদ্র মাগধী ধাৰা তাৰেই অর্ধনাটকীয় পৰিবেশ্য কলা ওজাপালি এই ওজাপালি। সেইকথাৰ পৰা চাবলৈ গলে ওজাপালিয়েই অসমৰ প্রথম নাট্যকলা। জনপ্রিয় লোককথা সমূহক বাদ দি যদি আমি এক বিঞ্জানসম্মত ইতিহাসেৰে চাবলৈ যাওঁ তেন্তে মূলত: মহাকাব্য, পুৰাণ আদিক আকর্ষণীয় কৰি গীত-নৃত্যৰ মাজেৰে পৰিবেশন কৰিবৰ বাবে এক পৰিবেশ্য কলা যুগুত কৰা ', পিছৰ পৰ্যায়ত ওজাপালি ৰূপে পৰিচিত 'ল। মূলতঃ দুই ভাগত ভাগ কৰা ওজাপালি পৰিবেশ্য কলা সুকনানী আৰু ব্যাসগোৱা, ভিতৰত অতি জনপ্রিয় সুকনানী ওজাপালি মূলতঃ মনসা পূজাত পৰিবেশন কৰা হয়। দৰং-ছিপাঝাৰৰ বিভিন্ন লোকৰ মাজত এতিয়াও অতিকে প্রচলিত এই কলা মূলতঃ কোঁচ ৰজাসকলৰ তত্বাবধানতহে অধিক জনপ্রিয় হৈ পৰিছিল। কিন্তু ১৪-১৫ শতিকাৰ শঙ্কৰদেৱৰ নেতৃত্বত আৰম্ভ হোৱা ভক্তি আন্দোলনৰ সময়ত যেতিয়া কোঁচৰজা নৰনাৰায়ণে বৈষ্ণৱ ধর্ম গ্রহণ কৰাৰ সিদ্ধান্ত 'লে তেতিয়া কোঁচৰজাৰ ভাতৃ শিৱ আৰু মনসা ভক্ত ধর্মনাৰায়ণে সেই কথাৰ ঘোৰ বিৰোধীতা কৰি দৰং ৰাজ্যলৈ পলাই আহি দৰং ৰাজ্য স্থাপন কৰে। সেই সুবাদতে শিৱ আৰু মনসা পূজাৰ প্ৰসাৰ অধিক কৰিবৰ বাবে ধর্মনাৰায়নে  সুকবি নাৰায়ণদেৱৰ দ্বাৰা তেওঁ মনসা কাব্য পদ্মপূৰাণ লিপিবদ্ধ কৰোৱালে। তেতিয়াৰে পৰাই সুকনানী ওজাপালিয়ে পদ্মপুৰাণৰ গীত-মাত কাব্য আদি মুদ্রা, ভঙ্গিমা, শাৰীৰিক অভিব্যক্তি আদিৰ সহায়ত প্রকাশ কৰি আহিছে।  
বাকী নামনি অসমত থাকি অহা ওজাপালি ভাৱৰীয়া আৰু ওজাপালিৰ মিশ্রণত ভাইৰা ওজাপালি ৰূপে আত্মপ্রকাশ কৰিলে। আছিল সুকনানি ওজাপালিৰ এক উপশাখা (subversion). এই ধাৰাৰে এজন জনপ্রিয় শিল্পী আছিল মোহন ভাইৰা। যি দৰিদ্ৰতাৰ মাজত ওৰেটো জীবন পাৰ কৰাৰ কেন্দ্রীয় চৰকাৰৰ কোনো বঁটা বাহন সুবিধাৰ গৰাকী নহল। অৱশ্যে প্ৰায়ভাগ ওজাপালি শিল্পীৰেই আজি অর্থনৈতিক ভাৱে একেবাৰে জুৰুলা অবস্থা। আজিৰ দিনটো দৰঙৰ ভূপেন ডেকা, ফুলাৰাম নাথ আদিৰ দৰে ওজাপালি শিল্পীয়ে দিন হাজিৰা কৰি চলে। ইফালে গুৱাহাটি হেন চহৰত কোনো লক্ষীপূজা নাইবা মনসাপূজাত ওৰেৰাতি ওজাপালি প্রদর্শন কৰাৰ নামত এতিয়াও তেওঁলোকে মাত্র ৩০০ টকাৰ মাননি পায়। আমি নাজানো সঙ্গীত নাটক অকাডেমীৰ দৰে অনুষ্ঠানৰ অসমীয়া সদস্য, প্রতিনিধি সকলে এনেবোৰ কথাত গুৰুত্ব দিয়েনে নিদিয়ে।    

এতিয়া যি ওজাপালি ভিডিওক লৈ বিতৰ্কৰ সৃষ্টি হৈছে তাক চাই চিতি ভাইৰা ওজাপালি যেনেই বোধ হয়। এই ওজাপালি অন্য ওজাপালিৰ ধাৰাতকৈ কিছুগুনে সৰল আৰু মুক্ত। কিন্তু সামগ্রিক ভাৱে ওজাপালি পৰিবেশনৰ মুখ্য উদ্দেশ্যই আছিল তিনি চাৰিদিন ধৰি চলি থকা মনসা পূজাত ধর্মীয় আখ্যান পৰিবেশন কৰি থাকোতে অন্য সামাজিক কথা বতৰা, গীত মাত আনি তাত সংলগ্ন কৰি এক মনোৰঞ্জনৰ পৰিবেশ গঢ়ি তোলা। সেইবাবেই ওজাপালিৰ মাজত সততে প্রচলিত এক কথা ': ওজা পোন পালি হালা/ তাৰ মাজে ৰসৰ নিজৰা। অর্থ ': ওজাজন গুৰু গম্ভীৰ 'লেও ডাইনা পালিজনে মনোৰঞ্জনৰ সৃষ্টি কৰি আমোদ দিব পাৰিব লাগিব। বোধকৰো সেই আমোদৰ বাবেই বিতর্কিত ভিডিওটোত অপূর্ব বেজবৰুৱাৰ এটা জনপ্রিয় গীত ওজাপালি শৈলীৰে পৰিবেশন কৰা দেখা গৈছে। মোৰ মতে এইয়া ওজাপালিৰ কোনো অপ্ৰভংশ বা চৰিত্ৰ হনন নহয় বৰঞ্চ এক মনোৰঞ্জনৰ ধাৰাহে। ওজাপালি পৰিবেশনৰ শৈলী কেৱল মাত্র যে এতিয়াহে সলনি হৈছে এনে নহয়। ইয়াৰ পূর্বেও দেশৰ স্বাধীনতা সংগ্রাম, ভাষা আন্দোলন তথা অসম আন্দোলনৰ সময়ত ললিত চন্দ্র নাথ, কিনাৰাম নাথৰ নেতৃত্বত ওজাপালি 'লে গাঁৱে গাঁৱে ৰাইজক আন্দোলনত ভাগ লবৰ বাবে উদ্দেশ্যি নিজে গীত-পদ সাজি ওজাপালিৰ শৈলীত পৰিবেশন কৰিছিল। অসম আন্দোলনৰ সময়ত পৰিবেশন কৰা তেনে এটা গীতৰ কথাংশ আছিল এনেধৰণৰ : দিহা: ছাত্র সন্থা জাগিছে/ গন সংগ্রাম চলিছে/ অসমত বিদেশীয়ে ভৰি পৰিছে। পদ: জাগা জাগা বুলি আই অসমীয়ে ডাক দিলা/ অসমৰ ছাত্র ছাত্রী জাগি উঠিলা/ কই বোলে কৰিম আমি অসমীক উদ্ধাৰ/ খই বোলে খেদিম আমি বিদেশীক এইবাৰ। গবেষক-অধ্যাপক নবীন চন্দ্র শর্মাৰ 'অসমৰ পৰিবেশ্য কলা ওজাপালি' নামৰ গ্রন্থত এইবোৰ কথা অতি সুন্দৰকৈ বিশ্লেষণ কৰা আছে। এই লোকশিল্পক ভালদৰে জানিবলৈ উক্ত গ্রন্থখন পঠনযোগ্য। আমাৰ সৰহ সংখ্যকৰেই  ওজাপালিকে আদি কৰি বিশেষকৈ নামনি অসম তথা বিভিন্ন জনগোষ্ঠীয় সংস্কৃতিৰ ওপৰত সম্পূর্ণ জ্ঞান নথকাৰ বাবেহে এনে বিতৰ্কৰ সূচনা হৈছে। এইয়া অবশ্যেই ভাল কথা কিয়নো এনে বিতর্কই ইয়াৰ লগত জৰিত থকা অন্য বহু কথাই উনুকিয়াই দিয়াত সহায় কৰিব।

১৯৫৮ চনত দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হৈছিল স্বাধীন ভাৰতৰ প্রথমখন নৃত্য বিষয়ক আলোচনা চক্র। এই আলোচনা চক্ৰতে লোকসংস্কৃতিৰ গৱেষক মহেশ্বৰ নেওগে তেওঁ পাঠ কৰা গবেষণা পত্রত কৈছিল, অসমত যদি ধ্রুপদী নৃত্য আখ্যা পাব লাগে তেনেহলে ইয়াৰ ভিতৰত দেবদাসী, ওজাপালি আৰু সত্রীয়া নৃত্যইহে পাব লাগে। তেওঁৰ গবেষণা পত্রত এই কথাও জোৰ দি কোৱা হৈছিল যে ওজাপালি এক অতি প্রাচীন কলা আৰু তাৰ বহু ভঙ্গিমা, মুদ্রা  সত্রীয়া নৃত্যত দেখা যায়। কিন্তু অতি দুখৰ কথা যি সময়ত সত্রীয়া নৃত্যই দেশৰ অষ্টম ধ্রুপদী নৃত্য হিচাপে স্থান পাইছিল সেই একেসময়তে ওজাপালিৰ দৰে লোকশিল্পৰ চর্চালৈকে নাহিল। ইফালে কি কি মাপকাঠি চাই চিতি এক নৃত্যক ধ্রুপদী আখ্যা দিয়া হয়, সেইবিষয়ে সংগীত নাটক একাডেমীৰ কোনো সংবিধান নাইবা ৰোলবুক মই জনাত নাই। সেয়েহে সদ্য প্রয়াত গিৰীশ কার্নাডৰ দৰে ব্যক্তি যেতিয়া সঙ্গীত নাটক একাডেমীৰ সভাপতি আছিল তেওঁ সংস্কৃতিৰ এনে শ্রেণীবিভাজনৰ বিৰোধীতা কৰিছিল। তেওঁ কৈছিল যে, যি ধৰণে সঙ্গীত নাটক অকাডেমীৰ দৰে অনুষ্ঠানে ধ্রুপদী নৃত্যৰ যি মাপকাঠি নির্নয় কৰিছে, ইয়াত কেৱল উচ্চবৰ্ণৰ লোকসকলৰ মাজত সচৰাচৰ প্রচলিত কেইটামান নৃত্যহে প্রতিনিধিত্ব কৰিছে। এখন গণতান্ত্রিক দেশৰ বাবে এয়া লজ্জাজনক কথা। কার্নাডৰ এই কথাই অসমৰ সত্রীয়াৰ নৃত্যৰ স্থিতিৰ ওপৰতো প্রশ্ন তোলে। কিয় এই নৃত্য আজিও কেৱল মাত্র সামাজিক ভাৱে স্বচ্ছল আৰু উচ্চবৰ্ণৰ গণ্ডীৰ মাজতে সোমাই আছে
এইখিনিতেই এটা কথা উনুকিয়াই থব বিচাৰো যে ধ্রুপদী নৃত্যৰ স্বীকৃতি মানেই সেই নৃত্যই শ্রেষ্ট তেনে নহয়। কিন্তু যি ধৰণৰ সা সুবিধা, অর্থ সাহায্য, বঁটা বাহন আদিৰ সুবিধা পায়। তেনেস্থলত শিল্পী কথা তেনে সাংস্কৃতিক কৰ্মৰ লগত জৰিত লোকসকলৰ কষ্টই স্বীকৃতি পায়। সেয়েহে ওজাপালিৰ দৰে এক কলাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে এনে সুবিধা প্রয়োজনীয় আছিল। এনে মুকলি মূৰীয়া সুবিধা নোপোৱা বাবেই চাগে নতুন নতুন পৰীক্ষা নিৰীক্ষাৰ অভাৱত এক নির্দিষ্ট ধর্মীয় গন্ডীৰ মাজত আজিও ওজাপালি সোমাই আছে, যি বোৰৰ টানি আজুৰি ভিতৰত কি আছে তাক চাব খুজিলে জগৰ লাগে। অৱশ্যে ওজাপালিক গোড়া ধর্মীয় সংকীর্নতাৰ পৰা সমসাময়িক সমাজৰ বাবে যুগুত কৰি উলিওৱা পুৰোধা ললিত চন্দ্র নাথ আৰু কিনাৰাম নাথ, শেহতীয়াকৈ মেদিনী মোহন নাথ, ধ্রুৱজ্যোতি বৰুৱা, নয়নজ্যোতি নাথ, ৰূপজ্যোতি চৌধাৰী, নিৰঞ্জন নাথ আদিৰ দৰে শিল্পীৰ চেষ্টাৰ কথা শলাগিব লগীয়া। কিন্তু এতিয়াও কৰণীয় বহুত আছে। কিন্তু এই শিল্পক প্ৰকৃতাৰ্থত মানুহ আৰু সমাজৰ  মাত কথা কৰি ৰাখিবৰ বাবে অধিক সুবিধা প্রদান কৰিব লাগিব। এই সুবিধা মাথোঁ চৰকাৰী অনুষ্ঠানৰ বাবে শিল্পী সকলক ফ্লাইটত অহা যোৱাৰ সুবিধা দি পঞ্চতাৰকা যুক্ত হোটেলত ৰাখিলেই নহব। বৰঞ্চ ওজাপালিৰ দৰে শিল্পক বিদ্যায়তনিক দিশত সাঙুৰি চিলেবাছ প্রস্তুত তথা ইয়াৰ পদ্ধতিগত শিক্ষা মহাবিদ্যালয়, বিশ্বদ্যালয়ৰ পৰিবেশ্য কলা বিভাগ সমূহত সন্নিবিষ্ঠ কৰাওক। অসমৰ বিভিন্ন চৰকাৰী বেচৰকাৰী অভিনয় প্রতিষ্ঠান সমূহেও স্তানিছলাভস্কি, গ্রটস্কিৰ অভিনয় সূত্র শিকোৱাৰ আগত আমাৰ লোকশিল্প সমূহত অভিনয় সূত্রৰ কি কি সমল আছে. তাক লৈ চিন্তা কৰক। প্রডাকচন গ্রান্ট, জুনিয়ৰ, চিনিয়ৰ ফেল'স্বীপ এইবোৰ মাথো ব্যক্তিগত বায়'দাতাৰ অৰ্হতা কৰি নথব।          

সকলোবোৰ চাই চিতি এনে লাগে, কিছুমান কথা আচলতে জানি বুজি কৰা ৰাজনীতিয়েই। এইযে মাত্র বিহু -সত্রীয়া-ভাওনা আদিক মাত্র অসমীয়া মধ্যবিত্তৰ আমোদৰ আহিলা কৰি থোৱা। মাঘৰ বিহুক প্ৰচাৰ মাধ্যমৰ জৰিয়তে আর্বান উইন্টাৰ ফেস্টিভেললৈ পৰিণত কৰা। এইবোৰ একো একোটা সাংস্কৃতিক ৰাজনীতি। বিভিন্নতাবাদক বৈষম্যতাৰ ৰাজনীতীৰে বশ কৰি, ক্ষুদ্র, ক্ষুদ্র জাতি জনগোষ্ঠীৰ সংস্কৃতিক বহিঃপ্রকাশক মষিমূৰ কৰি একক জাতীয় চেতনাৰ প্রতি আকর্ষিত কৰি তোলাটোৱেই এজেণ্ডা। আমি প্রাথমিক বিদ্যালয়ৰ পাঠ্যক্ৰমত বাথৌ পূজাৰ বিষয়ে পঢ়িছিলো, পঢ়িছিলো নামনি অসমৰ ভঠেলি উৎসৱ, মহহ' আৰু ওজাপালিৰ বেউলা লক্ষীন্দাৰৰ কাহিনী। এইবোৰ পঢ়ি আমি যে কেৱল ৰস পাইছিলো তেনে নহয়। আমি শিশু অবস্থাতেই জানিব পাৰিছিলো যে অসম নামৰ এই ধাৰনাটোৱে মাত্র এটা ভাষা, এটা সংস্কৃতিক প্রতিনিধিত্ব নকৰে। প্রতিনিধিত্ব কৰে বহু সৰু বৰ সংস্কৃতি আৰু ভাব-ভাষাক। কিন্তু এই পাঠ্যক্ৰম সমূহ লাহে লাহে গায়েব কৰা 'ল। ৰাষ্ট্ৰ নামৰ একক  ধাৰণা, ভাষা, সংস্কৃতি প্রজেক্ট কৰা 'ল। সেয়েহে আজি যেতিয়া ওজাপালি নামৰ কিবা এটা বিতর্ক হোৱা দেখিছে ৰাইজে চিন্তা চর্চা নকৰি শ্বেয়াৰ কৰিছে। টিভিৰ ধাৰাবাহিকত নামনি অসমৰ ভাষাত কথা কোৱা শুনি উজনি অসমৰ ৰাইজে হাঁহিছে। এইবোৰ কথাই কি প্রকাশ কৰে যে আমি সাংস্কৃতিক চেতনা বুলি যি চিন্তা প্রকাশ কৰিছো তাত এক দেশ এক ভাষা নীতিৰেই বহিঃপ্রকাশ ঘটিছে। এইয়া অন্তত: অসমীয়া মানুহৰ বাবে এতিয়াৰ স্পর্শকাতৰ সময়ত অতি ভয়লগা কথা।